বিগত ছয় মাহত গুৱহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত হৈছেঃ মন্ত্ৰী হাজৰীকা

নিচামুক্ত দেশ গঢ়াৰ সংকল্পৰে আমি কাম কৰি আছো আৰু কৰি যামঃ মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ পামহীত ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী আৰু নিবাৰণী পৰিষদৰ অধীনৰ এটা নিচামুক্তি কেন্দ্ৰ উদ্ধোধন কৰে। গুৱাহাটীৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতিৰ উপস্থিতিত নিচামুক্তি কেন্দ্ৰটো উদ্ধোধন কৰি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে নিচাসক্ত ব্যক্তিসকলো আমাৰ সমাজৰে অংশবিশেষ। এনে অৱস্থাত তেঁওলোকে নিচাৰ পৰা মুক্তি লাভ কৰি সমাজৰ মূলসুঁতিলৈ উভটি অহাৰ ক্ষেত্ৰত আমি সহযোগ কৰিবই লাগিব।
আনহাতে বিগত বৰ্ষত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰেপৰা ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যক্তিগত এই কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে ব্যৱস্থা লৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত ছয় মাহৰ ভিতৰত নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিস্থিতি উন্নত হোৱা বুলি মন্তব্য কৰে। আজি চৰকাৰী খণ্ডৰ নিচামুক্তি কেন্দ্ৰটো উদ্ধোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে, আজিৰ পৰা বিভাগীয় বিষয়াসকল এই কেন্দ্ৰ সু-পৰিচালনাৰ বাবে অধিক সষ্টম হৈ থাকিব লাগিব । উল্লেখযোগ্য যে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, বৰপেটা, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলাত এটাকৈ মুঠ ছয়টা নিচামুক্তি কেন্দ্ৰ চৰকাৰী ব্যৱস্থাৰে পৰিচালনা কৰিব পৰাকৈ সাজু হৈ উঠিছে । আজিৰ সভাতে মন্ত্ৰী হাজৰীকাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ বিষয়াক এই কেন্দ্ৰকেইটা সু-পৰিচালনাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ আহ্বান জনায়।
মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে, অনুষ্ঠান এটা আৰম্ভ কৰাটো সহজ কিন্তু ধাৰাবাহিকতা ৰক্ষা কৰি ভালদৰে চলাই যোৱাটোহে মূল কথা। এই ক্ষেত্ৰত নিচামুক্তি কেন্দ্ৰকেইটা অৱস্থিত অঞ্চলসমূহৰ বাসিন্দাসকলৰো সহযোগিতা কামনা কৰে মন্ত্ৰী হাজৰীকাই। কেন্দ্ৰকেইটাৰ বিষয়ে কিবা অভিযোগ আৰু পৰামৰ্শ থাকিলে স্থানীয় ৰাইজে প্ৰত্যক্ষভাৱে মন্ত্ৰীগৰাকীক জনাব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *