নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ জুনঃ মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট “ৰুক্মিণী হৰণ”। জগত গুৰুজনাৰ এই নাটখনি নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ ক্ষেত্ৰীগাঁও নামঘৰত স্বাধীনতা আন্দোলনৰ পূৰ্বৰে পৰা একাধাৰে প্ৰতিবছৰে কণ কণ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত হৈ আহিছে । সেই পৰম্পৰাক সাৰোগত কৰি এইবেলিও দেওঁবাৰে বিশাল আয়োজনেৰে অংকীয়া নাটখনি মঞ্চস্থ কৰা হয় । এক উখল-মাখল পৰিবেশত পুৱাৰ ভাগত অনুষ্ঠিত হোৱা জলাৰোহন কাৰ্যসুচীত শতাধিক ৰাইজৰ অংশগ্ৰহনেৰে হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰে স্থানীয় অঞ্চলৰ আকাশ-বতাহ । দুপৰীয়া নাম-কীৰ্তনৰ অন্তত নিশালৈ কণ কণ শিশু সকলৰ দ্বাৰা অংকীয়া নাটখনি প্ৰদৰ্শন কৰা হয় । এজাক কণমাণিৰ মন পৰশা অভিনয়ৰে মঞ্চস্থ হোৱা নাটখনি উপভোগ কৰি আপ্লুত হৈ পৰে সহস্ৰাধিক দৰ্শক । স্মৰ্তব্য যে, পূৰ্বপুৰুষৰ দিনৰে পৰা চলি অহা এই নাটখনিত ৰাইজে মনৰ পৰা যি বিচাৰে সেই ফল সিদ্ধি হয় বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আহিছে । সেয়ে প্ৰচণ্ড গৰমৰ মাজতো দিনযোৰা এই কাৰ্যসুচী সমূহত বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় । একপ্ৰকাৰে ক্ষেত্ৰীগাঁও নামঘৰত প্ৰতিবছৰে শিশুসকলক লৈ অনুষ্ঠিত হোৱা এই অংকীয়া নাট প্ৰদৰ্শনৰ দ্বাৰা নৱ প্ৰজন্মৰ মাজত ভক্তিৰ এক জাগৰণ সৃষ্টি কৰি অহাটো প্ৰশংসনীয় দিশ হিচাপে চিহ্নিত হৈছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *