কোনে কোনে জোনবাইৰ বুকুত অৱতৰণ কৰিছিল?
নিউজ ডেক্স, ২৪ আগষ্টঃ ভাৰতৰ বিজ্ঞানীসকলৰ চমকপদ সফলতাৰ পূৰ্বেই বহুজনে অৱতৰণ কৰিছিল চন্দ্ৰপৃষ্ঠত। কাৰিকৰী চমত্কাৰ! চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ মৃদু অৱতৰণৰ আগতেই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল বহুজনে। অৱতৰণৰ কেইদিন পূৰ্বেই দেখা গৈছিল চন্দ্ৰপৃষ্ঠত মানুহৰ এই কাৰিকৰীগত অৱতৰণ! উল্লেখ্য যে, দশক দশকজুৰি কঠোৰ অধ্যয়নৰ পিছত ২৩ আগষ্ঠত ভাৰতৰ বাবে আহিল এক ঐতিহাসিক ক্ষণ। ভাৰতৰ কোটি কোটি জনগণ সাক্ষী হৈ ৰয় এই ঐতিহাসিক ক্ষণৰ। লগে লগে বিশ্ববাসীৰ আগত গৌৰৱৰ ধ্বজা উৰুৱালে ভাৰতে। বহু প্ৰতিক্ষাৰ অন্ত পেলাই ২৩ আগষ্ঠত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল মৃদু অৱতৰণ কৰিলে ISROয়ে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। ইতিহাসত খোদিত হ’ল ভাৰতৰ নাম। চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল মৃদু অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে নিজৰ নাম ইতিহাসৰ পাতত লিখিলে ভাৰতে। লগে লগে বিজ্ঞানৰ বাবে মুকলি হ’ল এক ন অধ্যায়ৰ।
এনে গৌৰৱময় মুহূৰ্তৰ আগতেই সামাজিক মাধ্যমত চৰ্চা চলিছিল অন্য এক বিষয়। সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছিল কিছুমান ফটো তথা ভিডিঅ’। কাৰিকৰীগত কৌশল প্ৰয়োগ কৰি চন্দ্ৰপৃষ্ঠত খোজ থৈ খবৰ দিছিল বহু সংবাদ মাধ্যমে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বহুজনে এনে পন্থা অৱলম্বন কৰি সাধাৰণ লোকৰ বাবে বাতৰি পৰিৱেশন কৰা দেখা গৈছিল। ৰাজ্যৰো বহুকেইটা প্ৰতিষ্ঠিত ইলেক্ট্ৰনিক সংবাদ মাধ্যম তথা পৰ্টেলকো বাতৰি পৰিৱেশন কৰা দেখা গৈছিল ঠিক তেনেদৰে। সামাজিক মাধ্যমত লগে লগে বিয়পি পৰিল তেনে ফটোৰ লগতে ভিডিঅ’। ভাইৰেল ফটো আৰু ভিডিঅ’সমূহত বহুতকে ধনাত্মক-ঋণাত্মক মন্তব্য কৰা দেখা গ’ল। যি নহওক সময়ৰ সোঁতত বিজ্ঞানৰ নতুন দিগন্তৰ লগতে কাৰিকৰী দিশতো এনে সাফল্য লক্ষণীয়।