নিউজ ডেস্ক, ১১ জুনঃ মধ্য অসমৰ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত থকা ৩৫৫ বছৰীয়া ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানৰ উনত্ৰিংশতম বাৰ্ষিক সেৱা “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো উদযাপনৰ দিহা কৰা হৈছে ৷ এই মৰ্মে, থানখনৰ স্থায়ী কাৰ্যালয় ভৱনত এখনি সভা অনুষ্ঠিত কৰা হয় । সভাই অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে মহোৎসৱ ভাগ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, মনিকুটত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, খোল আৰু নাম প্ৰসংগ, গৰখীয়া সকলৰ নাম আৰু ভাগৱত পাঠৰ লগতে দ্বিতীয় দিনা ভক্তসকলে আগবঢ়োৱা শৰাই উচৰ্গা, খোল আৰু নাম প্ৰসংগ, আপ্যায়ন, মহানাম, প্ৰসাদ বিতৰণ আৰু সমূহীয়া ঘোষাৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় । সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথে । সভাত উপস্থিত থাকি মন্তব্য দাঙি ধৰে থান পৰিচালনা সমিতিৰ সম্পাদক পোৱাল চন্দ্ৰ নাথ, উপ সভাপতি মহীন্দ্ৰ মহন্ত, জয়কান্ত শইকীয়া, টংকেশ্বৰ নাথ, গম্ভীৰ নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ সেয়ে উৎসৱ উদযাপন সমিতিৰ সম্পাদক অনিল চন্দ্ৰ নাথে উৎসৱ ভাগত অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *