মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি অসমৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান মেয়ৰ মৃগেন শৰণীয়াৰ
ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৩০ জনীয়া জ্যেষ্ঠ কাৰ্যকৰ্তাৰ দল

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক। দলৰ মাজত চলি থকা ন-পুৰণি সংঘাত সম্পৰ্কত এই স্মাৰক পত্ৰ প্ৰদান কৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মেয়ৰ মৃগেন শৰণীয়া, জ্যেষ্ঠ নেতা মুকুতা ডেকা , নবাৰুণ মেধিকে প্ৰমুখ্য কৰি প্রায় ৩০ জনীয়া কাৰ্যকৰ্তাৰ দলটোৱে ৰাজ্যিক সভাপতিগৰাকীক এই স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ প্ৰদান কৰি মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে, যিটো সময়ত আমি চাকৰি কৰিব লাগিছিল সেইসময়ত ১৯৯৪ চনৰ পৰা আমি দল কৰিছো। আমি সকলোৱে একেলগে প্ৰায় ত্ৰিশ বছৰ কাল নিজৰ জীৱন-যৌৱন দলৰ বাবে সমৰ্পিত কৰিছো। বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা আমি আহি আজি এই পৰ্যায় পাইছোঁ। বিজেপি দলত কোনো ন-পুৰণি নাই। তেনে বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় জ্যেষ্ঠ বিজেপি নেতা মৃগেন শৰণীয়াই। যিসকলে বিজেপিত যোগদান কৰি নিজৰ নিজৰ দক্ষতাৰে কাম কৰি দলটোক আগুৱাই নিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি কয় যে, সকলোৱে মিলি দলটোক আগুৱাই লৈ যাব লাগে। দলৰ জ্যেষ্ঠ নেতাসকলক দলৰ স্বাৰ্থত অভিভাৱক হিচাপে থাকিবলৈ আহ্বান জনাই মৃগেন শৰণীয়াই। বিৰোধীৰ কথা শুনি এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য নকৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি অসমৰ উন্নয়ন পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাই জ্যেষ্ঠ বিজেপি নেতা মৃগেন শৰণীয়াই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *