নিউজ ডেস্ক, ২৯ মে’: দুধনৈ আৰক্ষী থানাৰ অধীনস্থ ৰাজহ গাঁওসমূহৰ লগতে বৃহত্তৰ দুধনৈ অঞ্চলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে আজি দুধনৈ আৰক্ষী থানাৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ দুধনৈ উন্নয়ন কমিটীৰ সভাপতি গোবিন্দ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তই ৷ মূলতঃ দুধনৈ চহৰত নিয়ন্ত্ৰণহীন ই-ৰিক্সাই সৃষ্টি কৰা যানজঁট, যাত্ৰীবাহী বাছসমূহে নিৰ্ধাৰিত কৰা বাছ আস্থানত নাৰাখি য’তে ত’তে যাত্ৰী উঠোৱা নমোৱা কৰা, দুধনৈ চহৰৰ ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা পথটো নিৰ্মাণ কৰা, তীব্ৰগতি সম্পন্ন বাইকৰ গতি নিয়ন্ত্ৰণ কৰা, দুধনৈ চহৰখন চাফচিকুণকৈ ৰখা, নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন ৰোধ কৰা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হয়৷ সভাত উপস্থিত থকা দুধনৈ আৰক্ষী থানাৰ অধীনস্থ ৰাজহ গাঁওৰ ব্যক্তিসকলে নিজৰ নিজৰ মতামত ব্যক্ত কৰে ৷ আজিৰ এই সভাখনতে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সভাপতি, ধবান চন্দ্ৰ ৰাভাক কাৰ্যকৰী সভাপতি আৰু কমল ৰাজবংশীক সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া নাগৰিক কমিটী গঠন কৰা হয় ৷ প্ৰতি দুমাহৰ মূৰে মূৰে নাগৰিক কমিটীৰ সভা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত দুধনৈ উন্নয়ন কমিটী, দুধনৈ থেকাচু মৌজা কমিটী, দুধনৈ ব্যৱসায়ী সন্থাৰ লগতে কেবাখনো ৰাজহ গাঁৱৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে৷