আজি বিয়লি ধাৰাপুৰ চাৰিআলি বজাৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জল জীৱন মিছনৰ বিষয়ে স্থানীয় ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পুতলা নাচ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
অসমত প্রাক-শংকৰী যুগৰ পৰাই পুতলা নাচ বা থিয়েটাৰৰ প্রচলন হৈ আহিছে। সময়ৰ লগে লগে পুতলা নাচৰ মাজতো পৰিৱৰ্তন পৰিলক্ষিত হৈছে। সাম্প্ৰতিক সময়ত কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকি পুতলা নাচ শিক্ষা আৰু সংস্কাৰৰ মাধ্যম হৈ পৰিছে, প্রচাৰৰ আহিলা হৈ পৰিছে। এই পুতলা নাচৰ অনুষ্ঠানৰ যোগেদি জল জীৱন মিছনৰ ঘৰে ঘৰে বিশুদ্ধ পানীৰ মূল বাণীৰ প্রচাৰ খৰতকীয়া হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *