নগাঁও টাইকোৱানডো একাডেমী শ্ৰেষ্ঠ
নগাঁৱৰ অন্যতম অগ্ৰণী সমৰকলাৰ অনুষ্ঠান এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ উদ্যোগত যোৱা ১৯ মে’ৰ পৰা তিনিদিনীয়াকৈ নগাঁও পুলিচ কমিউনিটি হলত এল কে ঈগলচ টাইকোৱানডো একাডেমী তৃতীয় প্ৰতিষ্ঠা দিৱস কাপ আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাখনিৰ যোৱা নিশা সফলতাৰে সামৰণি পৰে ৷ সদৌ নগাঁও জিলা টাইকোৱানডো সন্থাৰ অধীনত জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত কিউৰোগী আৰু পুমচেৰ ছাৱ-জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল’ৰা-ছোৱালী উভয় শাখাৰে খেল অনুষ্ঠিত হৈছিল ৷ জিলাখনৰ বঢ়মপুৰ, চামগুৰি, পূৱ হাতীচোং, কামপুৰ, বৰঘাট, শেনচোৱা পুৰণিগুডাম আৰু বেবেজীয়া আদিৰ লগতে নগাঁও চহৰৰো কেইবাটাও টাইকোৱাডো একাডেমীৰ পৰা আঢ়ৈশৰো অধিক খেলুৱৈয়ে ভাগ লোৱা প্ৰতিযোগিতাখনিৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি সমীৰ হাজৰিকাই পৰিচালনা কৰা সামৰণি অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক, নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি তথা অসম জিমনাষ্টিকছ সন্থাৰ সভাপতি ৰূপক শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকি উদীয়মান খেলুৱৈসকলৰ উপযোগী হোৱাকৈ ভাষণ ৰাখে ৷ ইয়াৰ পিছতে সামৰণি অনুষ্ঠানত মুখ্য অতিথি বিধায়ক ৰূপক শৰ্মাৰ লগতে এল কে ঈগলচ টাইকোৱানডো একাডেমীৰ সভাপতি তথা ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা, আয়োজক সমিতিৰ সভাপতি মঞ্জুলা লস্কৰ, কাৰ্যকৰী সভাপতি সমীৰ হাজৰিকা, সাংগঠনিক সম্পাদক বিশ্বজিৎ দাস, সদৌ নগাঁও জিলা টাইকোৱানডো সন্থাৰ উপ সভাপতি সঞ্জীৱ শইকীয়া, সম্পাদক অংকুৰ বৰা, সমাজ সংগঠক অলকমণি ভটাচাৰ্যী, ড° টুলুমণি দেৱী, ৰাতুল নেওগ, দাদুমণি বৰা, জয়প্ৰকাশ শৰ্মা, বিচিত্ৰৰঞ্জন বৰা, হিৰণ্য গোহাঁই, জয়া ৰাণী ডেকা, অংকুমণি দাস, মৃন্ময় বৰা, প্ৰবীৰ মজুমদাৰ, ময়ুৰ বৰা, সীমান্ত হাজৰিকা, ৰঞ্জিত কুমাৰ বৰা, নবীন চন্দ্ৰ বৰা, জিয়েঞ্চ বৰদলৈ, লিলি সন্দিকৈ, পংকজ দাস আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷ নগাঁও টাইকোৱানডো একাডেমী শ্ৰেষ্ঠ দলৰূপে পৰিগণিত হোৱা প্ৰতিযোগিতাখনৰ পুমচেৰ ছোৱালী শাখাত স্নিগ্ধা ভাস্বতীয়ে, ল’ৰাৰ শাখাত আৰোহণ দিবাকৰ মহন্তই আৰু কিউৰোগীত উদীয়মান আৰ্যনীল নাথে শ্ৰেষ্ঠ ফাইটাৰৰ বঁটা লাভ কৰে৷ এই প্ৰতিযোগিতা শণিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল নগাঁও জিলা পৰিষদৰ উপ সভাপতি তথা বিশিষ্ট সমাজসংগঠক প্ৰমোদ লস্কৰে৷ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী অনিল দাস আৰু সূৰ্য কুমাৰ নাথকে ধৰি ভালেকেইগৰাকী বিশিষ্ট লোক উপস্থিত আছিল৷