নগাওঁ জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া নিজ ডিমৌৰ লক্ষ্মী আত্ম সহায়ক গোটৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বেছ উলহ-মালহেৰে গোটৰ নিজা কাৰ্যালয়ত পালন কৰা হয়। সেই অনুসৰি পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজ কৰ্মী জন কাকতিয়ে। ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনিত সভাপতিত্ব কৰে নগাওঁ জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ জীৱিকা সখী মাইনা বৰদলৈৱে। আত্ম সহায়ক গোটটোৰ সম্পাদিকা প্ৰণিতা সেনাপতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ ৰাখে খাগৰিজান উন্নয়ন খণ্ডৰ জীৱিকা সখী ৰূপা দাসে। উক্ত সভাতেই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰী নয়ন জ্যোতি দাস আৰু ৰশ্মী ৰঞ্জন কাকতিক ফুলাম গামোচা আৰু মাননিৰে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। আত্ম সহায়ক গোটটোৰ সদস্যা নিৰ্মালী বৰদলৈৰ দ্বাৰা শলাগৰ শৰাইৰে সভাৰ সামৰণি পেলোৱা হয়৷

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *