নগাঁৱত শিক্ষাসেঁতুত অসহযোগেৰে বিভাগীয় টেবলেট ঘূৰাই দিয়া কাৰ্যসূচী ৰূপায়ণ ক্ষোভিত শিক্ষক সমাজৰ
অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ১৯৮২ চনৰ পৰাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ উপৰিও অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীকে ধৰি ভিন্ন পৰ্যায়ৰ উচ্চ পদস্থ শিক্ষা বিষয়াৰ লগত বহুবাৰ আলোচনাত মিলিত হৈছিল ৷ তথাপিও বিষয়টোত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত প্ৰাথমিক বিদ্যালয়ত আজিকোপতি প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহ’ল ৷ কিন্তু পদহীন পদত প্ৰধান শিক্ষকৰ নামত বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকে বিদ্যালয় পৰিচালনা কৰাৰ সমান্তৰালভাবে আভ্যন্তৰীণ সকলো কামেই কৰিবলগীয়া হৈছে ৷ ইমানখিনি কাৰ্য সমাপন কৰাৰ পিছতো শিক্ষাসেঁতুৰ পৰিচালনাৰ দায়িত্ব পদহীন বিদ্যালয় প্ৰধান শিক্ষকৰ নামত কৰিব বিচৰা হৈছে ৷ সেয়েহে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যোৱা ৩০ এপ্ৰিলৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি যোৱা ২ মে’ৰ পৰা প্ৰধান শিক্ষকৰ পদ সৃষ্টি নোহোৱা পৰ্যন্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে শিক্ষাসেঁতুত অসহযোগ কৰাৰ কৰাৰ লগতে ২১ মে’ৰ ভিতৰত প্ৰধান শিক্ষকৰ পদৰ সৃষ্টি নহ’লে ২২ মে’ত বিভাগীয়ভাবে দিয়া টেবলেটবোৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সমগ্ৰ অসমৰ শিক্ষকে ঘুৰাই দিয়াৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল ৷ সেই অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো সোমবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ অংশহিচাপে নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মহকুমাটোৰ নগাঁও সদৰ, খাগৰিজান, কঠিয়াতলি, কপিলী, ৰূপহী, লাওখোৱা, জুৰিয়া, আৰু বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয় সমূহে চৰকাৰী ভাবে যোগান ধৰা টেবলেটসমূহ জমা দিবলৈ আহে যদিও বিভিন্ন খণ্ডৰ শিক্ষা বিষ়য়াই টেবলেট সমূহ জমা ল’ব নোৱাৰে বুলি লিখিতভাবে অৱগত কৰে । এই কাৰ্যসূচীসমূহত নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰফুল্ল বৰা, সম্পাদক পৱন জ্যোতি বৰাই, উপ সভাপতি স্বপন নাথ, খাগৰিজান শিক্ষা খণ্ডৰ সভাপতি শিৱ প্ৰসাদ ভৰালী, সম্পাদক ৰিপঞ্জীত দাস, খণ্ড সভাপতি ছাহজাহান, সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ ৰাজ্যিক সম্পাদক পাৰ্থ প্ৰতীম, নগাঁও জিলা টেট উৰ্ত্তীণ শিক্ষক সমাজৰ সভাপতি ভবজ্যোতি ডেকা, সম্পাদক মৃদুপবন বৰা, খণ্ড সম্পাদক লক্ষী প্ৰসাদ ডেকা, শ্ৰীমন্ত পাতৰ, কমল নাথ আদিয়ে শিক্ষক সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।