নিউজ ডেস্ক, ১২ মে’ঃ ক্ৰমাৎ অপৰাধী চক্ৰৰ অপৰাধজনিত কাৰ্যকলাপৰ ৰম্যভূমিত যেন পৰিণত হৈছে নগাঁও জিলাৰ পশ্চিমাঞ্চল। জুৱা, ড্ৰাগছ, মদ আদিৰ অবাধ প্ৰচলনেৰে গ্ৰামাঞ্চলৰ পৰিবেশ কলুষিত কৰি অহাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা গ্ৰাম্য দৰিদ্ৰ লোকক লুণ্ঠনৰ কৰা তথ্য। প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন কদমনি পথাৰ গাঁৱৰ জনৈক চুফিয়া খাতুন নামৰ এগৰাকী মহিলাই “পাৰ্লভিন ইণ্টাৰনেচনেল ডিজিটেল বেংক” নামৰ এটা অখ্যাত বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে চাৰি বছৰৰ ভিতৰত কেবালক্ষাধিক টকা লাভ পোৱাৰ প্ৰলোভন দি বৃহত্তৰ অঞ্চলৰ বহুসংখ্যক মহিলাৰ পৰা সৰকাই নিয়ে গাইপ্ৰতি তিনিৰ পৰা পাঁচ হাজাৰকৈ টকা। কিন্তু প্ৰায় পাঁচ বছৰ উকলি যোৱাৰ পিছতো লাভতো বাদেই মূলধনো ঘূৰাই নাপাই এতিয়া ক্ষোভিত হৈ পৰিছে মহিলাসকল৷ আনকি প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিবলগীয়াত পৰিছে এই সকল দৰিদ্ৰ ভুক্তভোগী মহিলাই আৰু অসাধু এই চক্ৰটো উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। এই নিমিত্তে উপায়হীন হৈ ভুক্তভোগীসকলে ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে বুলি জানিব পৰা গৈছে। সেয়ে এনেদৰে প্ৰলোভনেৰে বৃহৎ ধন সংগ্ৰহ কৰি গঞা ৰাইজক প্ৰতাৰিত কৰা এই অসাধু চক্ৰটোক উৎখাত কৰি ভুক্তভোগীসকলক ন্যায় প্ৰদান কৰিব পাৰিবনে আৰক্ষীয়ে, ভুক্তভোগীসকলে নিজৰ সঞ্চিত ধন ঘূৰাই পাবনে তাকে লৈ এতিয়া ব্যাপক চৰ্চা চলিছে সচেতন মহলত ৷