নিউজ ডেস্ক,১৮ মে’ঃ বিধায়ক ইৰফান আনছাৰীয়ে কিডনী বিক্ৰী কৰি বনাব মন্দিৰ। কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰীয়ে বনাব হনুমান মন্দিৰ। কৰ্ণাটক বিধানসভা নিৰ্বাচনত দলটোৰ ঐতিহাসিক জয়ত উল্লাসিত হৈ ইৰফান আনছাৰীয়ে ঘোষণা কৰিলে হনুমান মন্দিৰ নিৰ্মাণৰ কথা। নিলম্বিত মুছলমান কংগ্ৰেছৰ বিধায়ক ইৰফান আনছাৰীয়ে নিজৰ বিধানসভা সমষ্টি জামতাৰাত বনাব দেশৰ সৰ্ববৃহৎ হনুমান মন্দিৰ। লগতে অতি শীঘ্ৰে আৰম্ভ হ’ব নিৰ্মাণৰ কাম। উল্লেখযোগ্য যে কলকাতাত ইৰফান আনছাৰীৰ বাহনত ৫০ লাখ টকা পোৱা বাবে নিলম্বন হৈছিল বিধায়ক গৰাকী । নিৰ্মাণৰ বাবে ধনৰ ব্যৱস্থা কৰাৰ প্ৰশ্নৰ উত্তৰত আনছাৰীয়ে কয় যে তেওঁৰ কিডনী বিক্ৰী কৰি হ’লেও নিৰ্মাণ কৰিব হনুমান মন্দিৰ। আনছাৰীয়ে কয় যে ৰাজ্যৰ নিৰ্বাচনত দলটোৱে জয়লাভ কৰাৰ পিছত ভগৱান হনুমানৰ প্ৰতি তেওঁৰ বিশ্বাস বাঢ়ি যায়। আনকি ফলাফল ঘোষণাৰ পিছতে তেওঁ নিজৰ ঘৰৰ কাষতে থকা হনুমান মন্দিৰত প্ৰাৰ্থনাও কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *