দুজনে ডিষ্টিংচন, আঠজনে ষ্টাৰসহ এশ শতাংশ উত্তীৰ্ণ
নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰো উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ বিগত বৰ্ষবোৰৰ দৰে সফলতাৰ ধাৰা অব্যাহত ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অঞ্চলবাসীক গৌৰাম্বিত কৰি তুলিছে ৷ জানিব পৰা মতে, ঘোষিত ফলাফলত শিক্ষানুষ্ঠানখনৰ ১৯ গৰাকীয়ে প্ৰথম বিভাগত আৰু ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰে দুজন পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু আঠজন পৰীক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ৷ তদুপৰি দুজনে ইংৰাজী বিষয়ত, চৈধ্যজনে অসমীয়া বিষয়ত, চাৰিজনে শিক্ষা বিষয়ত, চৈধ্যজনে ভূগোল বিষয়ত, পাঁচজনে হিন্দী বিষয়ত, দহজনে তৰ্ক আৰু দৰ্শন বিষয়ত, পাঁচজনে ৰাজনীতি বিজ্ঞান বিষয়ত আৰু দুজনে ঐচ্ছিক অসমীয়া বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ কাজেই, শিক্ষানুষ্ঠানখনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰা স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক কৃতজ্ঞতা জনাইছে।