নিউজ ডেস্ক,২৭ মে’ঃ ভয়ংকৰ দুৰ্ঘটনা। হায়দৰাবাদৰ হায়াতনগৰত সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনা। পাৰ্কিঙত শুই থকা অৱস্থাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘনাটো। পাৰ্কিং স্থানত শুই থকা অৱস্থাত তিনি বছৰীয়া শিশুৰ গাৰ ওপৰেৰে পাৰ হয় এখন চাৰিচকীয়া বাহন। বাহনৰ খুন্দাত নিহত হয় শিশুটি। হায়াত নগৰ আৰটিচি কলনীত সংঘটিত হয় দুৰ্ঘনাটো। দুৰ্ঘনাটোৰ দৃশ্য সমূহ বন্দী হয় ৰয় চিচি টিভি কেমেৰাত। বাহন খনৰ চালক হৰি ৰাম কৃষ্ণই শিশুটিক দেখা নোপোৱাৰ ফলতেই সংঘটিত হৈছে দুৰ্ঘনাটো। আৰক্ষীৰ তথ্য অনুসৰি এপাৰ্টমন্টটোৰ ওচৰতেই কাম কৰি আছিল মাতৃ গৰাকী। গৰমৰ পৰা ৰক্ষা পাবলৈ সন্তানটিক পাৰ্কিঙ স্থানত শুৱাই থৈছিল। হৰি ৰাম কৃষ্ণ নামৰ চালক জনৰ অসাৱধানতাৰ বাবেই মৃত্যু হয় শিশুটিৰ। নিহত শিশুটিক ২ বছৰীয়া লক্ষ্মী বুলি চিনাক্ত কৰা হৈছে। নিহত লক্ষ্মীৰ মাতৃয়ে কামৰ সন্ধানৰ বাবেই আহিছিল হায়দৰাবাদলৈ বুলি জনায় আৰক্ষীয়ে।