নিউজ ডেস্ক,২৯ মে’ঃ ভয়ংকৰ পথ দুৰ্ঘটনা। জালুকবাৰীত নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হয় ৭ জন ছাত্ৰ। অকালতে প্ৰাণ হেৰুৱালে ৭ জনকৈ ছাত্ৰই। আটাইকেইজন ছাত্ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ নং আৱাসৰ আছিল ছাত্ৰ কেইজন। নিহত গুৱাহাটীৰ অৰিন্দম ভোৱাল, নিয়ৰ ডেকা, নগাঁৱৰ উপাংশু শৰ্মা,মঙলদৈৰ কৌশিক বৰুৱা,ডিব্ৰুগড় ইমন বৰুৱা,মাজুলীৰ ৰাজকিৰণ ভূঞা, শিৱসাগৰৰ কৌশক মোহন। এখন স্কৰপিঅ’ত আহিছিল ছাত্ৰ কেইজন। প্ৰথমে দ্ৰুতবেগী স্কৰপিঅ’খনৰ ডিভাইডাৰত খুন্দা। ডিভাইডাৰ পাৰ হৈ খুন্দা মাৰে এখন বলেৰ’পিকআপত। বলেৰ’পিকআপখনত থকা ৩ জন লোক গুৰুতৰভাৱে আহত। ব্ৰইলাৰ ভৰ্তি আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ’পিকআপখন। আহত আটাইকেইজনকে GMCHত ভৰ্তি। মৃতদেহ চিনাক্ত কৰিবৰ বাবে মৰ্গত আহি উপস্থিত হৈছে আত্মীয় স্বজন।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *