এইবাৰ ক’ৰবাত মথাউৰি ছিগিলে মুখ্যমন্ত্ৰীৰ আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণ কৰাৰ উদ্যোগ লোৱা হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ কৰি বিভাগীয়ভাৱে চলি থকা মথাউৰি মেৰামতি আৰু পুনৰ ৰ্নিমাণৰ কাম পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন বিষয়াসকল আৰু বিভাগীয় ঠিকাদাৰক লগত লৈ মন্ত্ৰী হাজৰীকাই প্ৰথমতে ননৈ নদীৰ সোঁফালে বিগত বাৰিষাত ভাগি যোৱা মথাউৰিটোৰ চাৰিটা স্থানত চলি থকা কামৰ প্ৰত্যক্ষ বুজ লয়। উল্লেখযোগ্য যে বিগত বাৰিষাত ভাঙি পৰা মথাউৰিটোৰ চাৰিটা স্থানৰ ভিতৰত কছাৰীদ’লত এখন শ্লুইছ গেট নিৰ্মাণৰ কাম চলি আছে। মন্ত্ৰীগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয় আৰু যিমান দূৰ সম্ভৱ অহা বাৰিষাৰ আগত শ্লুইছ গেট নিৰ্মাণৰ কাম শেষ কৰিবলৈ বিভাগীয় বিষয়া-ঠিকাদাৰক নিৰ্দেশ দিয়ে। পাছত মন্ত্ৰী হাজৰীকাই ননৈৰ বাওঁফালৰ মথাউৰিৰ কাইকিয়াপাৰা অঞ্চলত উপস্থিত হৈ মথাউৰি পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয়।

আজিৰ পৰিদৰ্শন কালত স্থানীয় সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী হাজৰীকাই কয় যে মথাউৰি নিৰ্মাণৰ কাম সমগ্ৰ ৰাজ্যখনতে পুৰাদ্যমত চলি আছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইবাৰ বানত ক্ষতি হোৱা মথাউৰিৰ অংশ পুনৰ নিৰ্মাণৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে । মঙলদৈৰ ননৈ নদীৰ দুয়োপাৰৰ প্ৰায় ৩৪ কিল’মিটাৰকৈ মথাউৰি পৰ্যায়ক্ৰমে সৱলীকৰণৰ কাম হাতত লোৱা হৈছে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *