অখিল, লুৰীণজ্যোতি আৰু গৌৰৱ তিনি গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ
নিউজ ডেক্স, ২ জুলাইঃ এজনে সমষ্টি বিচাৰিছে, এজন হৈছে NGOৰ মালিক। লুৰীণজ্যোতি গগৈৰ বৰ্তমান গণভিত্তি নাই, তেওঁ এটা NGO বুলি প্ৰতিপন্ন হৈছে। অখিল গগৈয়ে সমষ্টি বিচাৰি হাবাথুৰি খাইছে। এনেদৰেই সংবাদ মেল পাতি অখিল, লুৰীণজ্যোতি আৰু গৌৰৱ তিনি গগৈক কটাক্ষ কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ সংবাদমেল যোগে কয় যে, কোনো দিন এটা ৱাৰ্ডত জয়ী নোহোৱা অজাপ দল তথা সভাপতি লুৰীণজ্যোতি গগৈৰ কোনো গণভিত্তি নাই। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এতিয়া বেলেগ সমষ্টি বিছাৰি হাবাথুৰি খাইছে। বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পূৰ্বতে অসমীয়াৰ অধ্যুষিত প্ৰধান সমষ্টি বোকাখাট, দেৰগাওঁ, গোলাঘাট, সৰুপথাৰ এই প্ৰত্যেকটো সমষ্টিত হাৰি ৰূপহী আৰু ধিং সমষ্টিত ডেৰ লাখ-দুই লাখ ভোট লৈ সাংসদ নিৰ্বাচিত হয়। এইবাৰ সেই কাজিৰঙা সমষ্টিত ৰূপহীহাট আৰু ধিং সমষ্টি নাই কাৰণে তেওঁ সংকিত হৈছে। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় যে, অখিল, লুৰীণজ্যোতি আৰু গৌৰৱ গগৈ এতিয়া ফাষ্টেটেড। তেওঁলোকক ভয় কৰিব লগা কোনো কথা নাই। কিন্ত মূল বিষয়টো হৈছে মিছা কথাৰে মানুহক ভুলকৈ পৰিচালিত কৰাটো অতি মাৰাত্নক কথা। তেওঁ লোকে ভুল কথা বিয়পাই পৰিৱেশ বিনষ্ট কৰাত এই তিনি গগৈ যথেষ্ট অভিগ্য। সেইকাৰণে আমাৰ নৈতিক দায়িত্ব হিচাবে এই কথাখিনি ৰাইজৰ অৱগত কবলৈ সংবাদমেল পতাৰ কথা প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
সংবাদমেলত আহোম জনগোষ্ঠীয় নেতা সন্দৰ্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে আহোম প্রতিনিধিত্ব থকা ৫ খন আসনত শক্তি বৃদ্ধি হ’ব৷ মৰাণ আৰু মাহমৰা সমষ্টিটোত আহোমৰ শক্তি বৃদ্ধি পালে বুলিও তেওঁ কয়৷ তেওঁ কয়-”অহাবাৰ বিধানসভাত যিদলৰে নহওঁক, আহোমৰ প্ৰতিনিধিত্ব বাঢ়িব। আহোমৰ একতাৰ প্ৰতীকক কেইজনমানে তাচ্ছিল্য কৰিছে।গগৈ ৰাজনীতি কৰিবলৈ বিচাৰিছে তেওঁলোকে। নিৰ্দিষ্ট উপাধিৰ দুজনমান লগ হৈ আঁহফলা কথা কোৱাটো উচিত নহয়।শিৱসাগৰ সমষ্টিত চাৰি দেওৰজা আদি ৯ খন পঞ্চায়তত আহোম জনগোষ্ঠীয় লোক আছে। তাৰ পিছত কেনেকৈ সংখ্যা হ্ৰাস হ’ল বুলি কৈছে?দুজনমানে আঁহফলা ৰাজনীতি কৰি ভুল বার্তা দিছে । খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ দৰে আহোমসকলৰো শক্তি অক্ষুন্ন আছে তাক লৈ সন্দেহ কৰিবলগীয়া একো নাই।”সাংসদগৰাকীয়ে লগতে কয় যে সমষ্টিৰ পুনঃনিৰ্ধাৰণে আহোম জনগোষ্ঠীয় লোকে প্ৰতিনিধিত্ব কৰিব পৰাকৈ সমষ্টিৰ বৃদ্ধিত সহায় কৰিব।আহোম অধ্যুষিত অঞ্চল কৰ্তন কৰা নাই,চাৰিসীমাহে ইফাল-সিফাল কৰা হৈছে।শিৱসাগৰ সমষ্টিৰ পৰা আহোম জনগোষ্ঠীয় নেতা হেৰুৱাব বুলি কোৱা কথাটো মিছা বুলিও তেওঁ উল্লেখ কৰে৷