নিউজ ডেস্ক,২৫ মে’ঃ লিভ-ইন সংগীক হায়দৰাবাদত নৃশংস ভাৱে হত্যা প্ৰেমিকৰ। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই দেশত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। এটাৰ পাছত এটা হত্যা কাণ্ডই কঁপাইছে সমগ্ৰ দেশ। য়াৰাম অনুৰাধাৰ শৰীৰটো টুকুৰা টুকুৰা কৰি ফ্ৰিজত ৰাখিছিল মৃতদেহ। উল্লেখযোগ্য যে শিল কটা যন্ত্ৰৰে য়াৰাম অনুৰাধাৰৰ শৰীৰটো টুকুৰা টুকুৰা কৰি পেলাইছিল বি চন্দ্ৰ মোহনে। হায়দৰাবাদ আৰক্ষীয়ে চহৰখনৰ মুচি নদীৰ ওচৰত পোৱা এটা কটা মুৰৰ আঁৰৰ ৰহস্য সমাধান কৰাৰ পিছত আচৰিত অপৰাধটো পোহৰলৈ আহিছিল। ৪৮ বছৰীয়া বি চন্দ্ৰ মোহনে ১৫ বছৰ ধৰি ৫৫ বছৰীয়া য়াৰাম অনুৰাধা ৰেড্ডীৰ সৈতে অবৈধ সম্পৰ্কত আছিল। স্বামীৰ পৰা বহু আগতে পৃথক হৈ থকা মহিলাগৰাকী চন্দ্ৰ মোহনৰ সৈতে দিলসুখ নগৰৰ চৈতন্যপুৰী কলনীত থকা তেওঁৰ ঘৰত বাস কৰিছিল। য়াৰাম অনুৰাধাই ২০১৮ চনৰ পৰা সূতৰ ওপৰত ধন ধাৰ দিয়াত জড়িত হৈ আছিল। বি চন্দ্ৰ মোহনে তাইৰ পৰা অনলাইন ব্যৱসায় কৰিবলৈ প্ৰায় ৭ লাখ টকা লোৱাৰ পিছত তেওঁলোকৰ মাজত মতানৈক্যই দেখা দিছিল। বি চন্দ্ৰ মোহনে য়াৰাম অনুৰাধা সৈতে বিৰক্ত হৈ হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ১২ মে’ত, বি চন্দ্ৰ মোহনে য়াৰাম অনুৰাধাৰ সৈতে কাজিয়া কৰিছিল। বি চন্দ্ৰ মোহনে তাইৰ বুকু আৰু পেটত ছুৰীৰ আঘাত কৰিছিল যাৰ ফলত তাইৰ মৃত্যু হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *