নিউজ ডেস্ক,২৫ মে’ঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি চৰ্চ্চাত সুৰজ তিৱাৰী। প্ৰথম প্ৰচেষ্টাতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ উত্তৰ প্ৰদেশৰ মৈনপুৰীৰ সুৰজ তিৱাৰী । ২৯ বছৰীয়া সুৰজ তিৱাৰীৰ সফলতাৰ আঁৰত আছে এটা অনুপ্ৰেৰণাদায়ক কাহিনী । যি কাহিনীয়ে আপোনাকো অনুপ্ৰেৰণা যোগাব। ২০১৭ চনত এটা দুৰ্ঘটনাত তেওঁৰ দুয়োখন ভৰি আৰু এখন হাত হেৰুওৱা স্বত্বেও অৰ্জন এই সফলতা। দুৰ্ঘটনাটোত সুৰজে দুয়োখন ভৰি আৰু সোঁ হাত হেৰুৱাইছিল,যাৰ ফলত শয্যাশায়ী আৰু কেইবা মাহ ধৰি পৰিয়ালৰ সদস্যসকলৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছিল। কিন্তু তেওঁ সকলোকে ভুল প্ৰমাণিত কৰি স্থান লাভ ইউপিএছচি পৰীক্ষাত। দুৰ্ঘটনাটোৱে তেওঁক ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাত আৰু তেওঁৰ সপোন প্ৰাপ্ত কৰাত বাধা দিব নোৱাৰিলে। সুৰজে পৰিস্থিতিটোক এক প্ৰত্যাহ্বান হিচাপে লৈছিল আগবাঢ়িছিল। সুৰজে এতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ৰাছিয়ান ভাষাত ত এম.এ. পঢ়ি আছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *