নিউজ ডেস্ক,২৭ জুনঃ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ১৬ বছৰ বয়স হ’লেই সংগীৰ সৈতে থাকিব পাৰিব আপুনি। মেঘালয় উচ্চ ন্যায়ালয়ে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়দান। ১৬ বছৰ হ’লেই ছোৱালীয়ে লব পাৰিব লৰাৰ সৈতে থকাৰ সিদ্ধান্ত। POSCO আইনৰ অধীনত দাখিল কৰা এজাহাৰ বাতিলৰ ভিত্তিত এই সিদ্ধান্ত। ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিচাৰপীঠৰ আগত উহুথাপন কৰা হৈছিল আবেদনখন। এগৰাকী ১৬ বছৰীয়া নাবালকৰ ওপৰত উহুথাপিত হৈছিল যৌন নিৰ্যাতনৰ গোচৰ। মেঘালয় উচ্চ ন্যায়ালয়ে FIR বাতিল কৰি দিলে গুৰুত্বপূৰ্ণ ৰায়দান। কিশোৰীগৰাকী অভিযুক্তৰ প্ৰেমিকা আছিল আৰু নিজৰ সন্মতিত হোৱা বুলি ভাষ্য দিয়ে। ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিচাৰপীঠে কয়, সেই বয়সৰ কিশোৰ এজনে শাৰীৰিক আৰু মানসিক ভাৱে বিকাশ হয়। এজন ব্যক্তিয়ে তেওঁৰ সুস্থতাৰ বিষয়ে সচেতন ভাৱে সিদ্ধান্ত ল’বলৈ সক্ষম আৰু যৌন সম্ভোগৰ প্ৰকৃত কাৰ্যৰ বিষয়ে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *