নিউজ ডেস্ক,১৬ জুনঃ ৩০ বছৰে শ্বপিং মলত বন্দী হৈ আছে এটা গৰিলা। যাক কোৱা হয় পৃথিৱীৰ অকশৰীয়া গৰিলা। নাম তাৰ বুৱা নই। বুৱা নই নামৰ গৰিলাটোক ৰখা হৈছে বেংককৰ এখন শ্বপিং মলৰ সপ্তম মহলাত। এই মলটোৱেই হৈ পৰিছে গৰিলাটোৰ ঘৰ। ধাতুৰ পিঞ্জৰাৰ ভিতৰত জীৱনৰ বেছিভাগ সময় অকলে অতিবাহিত কৰিছে গৰিলাটোৱে। পশু কৰ্মীসকলে বেংককৰ ডিপাৰ্টমেণ্টেল ষ্টোৰৰ পৰা মুকলি কৰিবলৈ আহ্বান জনাইছে যদিও বুয়া নইৰ মালিকে অস্বীকাৰ কৰে। কাৰণ বুৱা নয়ে বৰ্তমান নতুন পৰিৱেশৰ সৈতে খাপ খাব নোৱাৰে বুলি জনাই মালিকে।