নিউজ ডেস্ক,১৬ মে’ঃ WhatsApp ত মেটাৰ নতুন সংযোজন। ব্যক্তিগত কথোপকথনৰ বাবে হোৱাটছ এপত কৰি থব পাৰিব lock। WhatsApp ব্যৱহাৰকাৰীসকলৰ অন্তৰংগ কথোপকথনক আৰু অধিক ব্যক্তিগত কৰি তুলিবলৈ ঘোষণা কৰিছে এই সুবিধা। ইয়াৰ জৰিয়তে সুৰক্ষিত হব বাৰ্তা প্ৰেৰকৰ নাম আৰু বাৰ্তাও। হোৱাটছ এপ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডিভাইচ পাছৱৰ্ড বা মুখচিনাক্তকৰণেৰে কথোপকথন লুকুৱাই ৰাখিব পাৰিব। লগতে হোৱাটছ এপে আগন্তুক মাহত চেট লকত অধিক বিকল্প যোগ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।